আধাৰ – সন্মতিৰ তথ্য
- মই স্বেচ্ছাই আধাৰ ওভিডি কেৱাইচি অথবা ই-কেৱাইচি অথবা অফলাইন প্রমাণীকৰণৰ বাবে মনোনীত কৰিছো আৰু বেঙ্কক মোৰ আধাৰ নম্বৰ, ভাৰ্চুৱেল আইডি, ই-আধাৰ, এক্সএমএল, মাস্কড্ আধাৰ, আধাৰ সবিশেষ, ডেমোগ্রাফিক তথ্য,পৰিচয় তথ্য, আধাৰ পঞ্জীয়নভূত মোবাইল নম্বৰ, ফেচ প্রমাণীকৰণ সবিশেষ, আৰু / অথবা বায়োমেট্ৰিক তথ্য (একেলগে ''তথ্য'') দাখিল কৰিছো ।
- মোক বেঙ্কৰ দ্বাৰা জনোৱা হৈছে যে :
- (আধাৰ দাখিল কৰা অনিবাৰ্য নহয় আৰু কেৱাইচিৰ বাবে অন্য বিকল্পও আছে আৰু আধাৰৰ বাহিৰেও চৰকাৰীভাবে বৈধ নথিপত্রৰ সৈতে শাৰীৰিক কেৱাইচিৰ অন্তৰ্ভূক্তিৰে পৰিচয় স্থাপন কৰিব পৰা যায় ।সকলোবোৰ বিকল্প মোক দিয়া হৈছে ।
- (ই-কেৱাইচি / প্রমাণীকৰণ / অফলাইন প্রমাণীকৰণৰ বাবে, বেঙ্কে চিআইডিআৰ / ইউআইডিএআই ৰ সৈতে আধাৰ নম্বৰ আৰু / অথবা বায়োমেট্ৰিক শ্বেয়াৰ কৰিব আৰু চিআইডিআৰ / ইউআইডিএআই এ বেঙ্কৰ সৈতে প্রমাণীকৰণ ডেটা, আধাৰ ডেটা, ডেমোগ্রাফিক সবিশেষ, পঞ্জীয়নভূত মোবাইল নম্বৰ, পৰিচয় তথ্য শ্বেয়াৰ কৰিব, যি তলৰ ৩ ত উল্লেখিত উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব ।
- মই বেঙ্ক (আৰু ইয়াৰ সেৱা প্রদানকাৰীক) নিম্ন উল্লেখিত উদ্দেশ্য সমূহৰ বাবে কতৃত্ব আৰু সন্মতি প্রদান কৰিছো ।
- পিএমএল আইন, ২০০২ অনুসৰি কেৱাইচি আৰু পৰ্যাবৃত কেৱাইচি প্রক্রিয়া আৰু ইয়াৰ অধীনৰ নিয়ম আৰু আৰবিআই নিৰ্দেশাৱলী অনুযায়ী অথবা মোৰ পৰিচয় স্থাপন, মোৰ পৰিচয় বহন কৰা, অফলাইন প্রমাণীকৰণ অথবা ই-কেৱাইচি অথবা হয় / নহয় প্রমাণীকৰণ, ডেমোগ্রাফিক বা প্রযোজ্য আইন অনুসৰি অনুমোদিত অন্য প্রমাণীকৰণ / পৰীক্ষণ / পৰিচয়, সকলো একাউন্ট, সুবিধা, সেৱা আৰু বেঙ্কৰ দ্বাৰা বিদ্যমান আৰু ভৱিষ্যতে হ'ব পৰা সম্বন্ধ সমূহৰ বাবে ।
- (সংগ্রহ, শ্বেয়াৰ, ষ্টোৰ কৰা, তথ্য সংৰক্ষণ, ৰেকৰ্ড বজায় ৰখা আৰু তথ্য ব্যৱহাৰ কৰা আৰু প্রমাণীকৰণ / পৰীক্ষণ / পৰিচয় ৰেকৰ্ড সমূহ: (a) উপৰোক্ত তথ্যৰ উদ্দেশ্যে, (b) লগতে নিয়ন্ত্রক আৰু আইনগত ৰিপোৰ্টিং আৰু ফাইলিং আৰু / অথবা (c) য'ত প্রযোজ্য আইৰ অধীনত প্রয়োজনীয় ।
- আধাৰ সক্ষম পৰিশোধ সেৱা (AEPS)ৰ বাবে মোৰ একাউন্ট সক্ষম কৰিবৰ বাবে ;
- প্রমাণকাৰী উদ্দেশ্যৰ বাবে কোনো এক আইনৰ আদালত, কোনো কতৃপক্ষ অথবা মধ্যস্থতাৰ অন্তৰ্ভূক্তিৰে ৰেকৰ্ড আৰু সন্মতিৰ লগ, তথ্য বা পৰীক্ষণ, পৰিচয়, প্রমাণীকৰণ ইত্যাদি প্রদান কৰা।
- মই বুজিছো যে, আধাৰ নম্বৰ আৰু মূল বায়োমেট্রিক সমূহ আইন আৰু চিআইডিআৰ উপস্থাপনৰ বাহিৰে ষ্টোৰ / শ্বেয়াৰ কৰা নহয় । মই মোৰ আধাৰ পঞ্জীয়নভূত মোবাইল নম্বৰত গৃহীত অটিপি ব্যৱহাৰ কৰি নিজে ই- আধাৰ ডাউনলোড কৰিছো । মই এই নথিপত্র যথাবিহীত ভাবে নোপোৱা বা মোৰ দ্বাৰা প্রদান কৰা কোনো ধৰণৰ অশুদ্ধ তথ্যৰ ক্ষেত্রত বেঙ্ক বা ইয়াৰ বিষয়া সকলক দায়বদ্ধ নকৰো ।
- মোক ওপৰত উল্লেখিত সন্মতি আৰু তথ্য সংগ্রহৰ উদ্দেশ্য মোৰ স্থানীয় ভাষাত বাখ্যা কৰা হৈছে ।